আপোনাক শ্ৰদ্ধাৰে আদৰিছোঁ





























বতাহ এজাক বলিছে ,বালিৰ কণিকাবোৰ উৰিছে ,ৰাউচিজুৰি কহুঁৱা ফুলবোৰে আমাৰ মূৰৰ ওপৰেদি আকাশলৈ উৰা মাৰিছে ।চকুৰ চাৱনিৰে শেষ কৰিব নোৱাৰা অনন্ত ফুল -শুভ্ৰ ,কেৱল শুভ্ৰ-বগা ,অনন্ত বগা ।ফুলবোৰে লাহে লাহে গা-লৰাই নাচিছে ।আমাক হাতবাউলি ফুলবোৰে ঘনাই মাতিছে. . . .পূৱা -পশ্চিমাকৈ ফুলবোৰে ঠেলা -হেঁচা কৰিছে . . . . আমাক মাতিছে ,আমি দৌৰিছো ........আমি ইজনে সিজনক চিনি নোপোৱা হৈছোঁ ,--বালিৰ কণিকাই আমাৰ চেহেৰাবোৰ পুতি পেলাইছে ।আমি দৌৰিগৈ কহুঁৱানিৰ কাষ পাইছোঁ । কঁহুৱানিডৰা আমি অবাক দৃষ্টিৰে চাইছোঁ ,কহুঁৱা ফুলবোৰেও আমাক অবাক দৃষ্টিৰে চাইচে ।আমি আটাইকেওজনে একেলগে মূৰ দুপিয়ালোঁ.......ফুলবোৰেও মূৰ দুপিয়ালে ।আমি একেতা তালতে কিৰলি মাৰি খৰকৈ নাচিবলৈ ললোঁ ,ফুলবোৰেও আমাৰ তালে তালে নাচি উঠিল ।আমি নাচি নাচি কহুঁৱানিৰ মাজলৈ সোমাই গলোঁ । --ইন্দুস্পন্দন

Tuesday, November 4, 2014

ড° ভূপেন হাজৰিকাৰ চমু জীৱন পঞ্জী


*জন্ম আৰু পৰিয়াল
ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮
ছেপ্তেম্বৰত, শদিয়াৰ এখন আদি গাঁৱত। তেওঁৰ
পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু
মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।
নাজিৰাৰ আমোলাপট্টিত নীলকান্ত
হাজৰিকাৰ
আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ
বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল।
তেওঁলোকৰ বাই ভনী সকলো মিলি মুঠ
দহটা সন্তান আছিল। পৰিয়ালৰ
দহোটা সন্তানৰ
জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা।
বাকী কেইগৰাকী হৈছে – অমৰ হাজৰিকা,
প্ৰবীণ
হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন
হাজৰিকা,
বলেন হাজৰিকা, কবিতা বৰুৱা,
স্তুতি পেটেল,
জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা। ভূপেন
হাজৰিকাৰ ভাতৃ-ভগ্নী জয়ন্ত হাজৰিকা, সমৰ
হাজৰিকা, সুদক্ষিণা শৰ্মাও
একোগৰকী আগশাৰীৰ সংগীত শিল্পী। ড°
হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ
মনটো শৈশৱতে ঘৰখনৰ পৰিবেশৰ পৰা লাভ
কৰিছিল। তেওঁৰ পিতাক শিক্ষক,
ধুবুৰী বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক পিছত
তেজপুৰলৈ মাটিৰ হাকিম হৈ আহে।
§ শিক্ষা
ড° হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত
স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ
ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক
শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ
মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত
প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন
মহাবিদ্যালয়ৰ পৰা ইন্টাৰমেডিয়েট
(কলা বিভাগ), ১৯৪৪ চনত বেনাৰচ হিন্দু
বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত
ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ
ডিগ্ৰী লাভ
কৰে । Role of Mass
Communication in India’s Adult
Education বিষয়ত অধ্যয়ন কৰি
কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ‘ডক্টৰেট’
উপাধি লাভ কৰে । তেখেতে
চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক
প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ
ভূমিকা অধ্যয়নৰ বাবে লিছ্ল ফেল'শ্বিপ লাভ
কৰিছিল ।
* কৰ্মজীৱন
ড° হাজৰিকাই কিছুদিন
বি বৰুৱা মহাবিদ্যালয়
আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত
অধ্যাপনা কৰিছিল । ১৯৪৮ চনত
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত,
উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল।
১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা
অসম বিধান সভাৰ সদস্য আছিল।
নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক
নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত
তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট
গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ
বাবে তেখেতে যুঁজ দিছিল ।
তেখেতে কাৰ্য্যনিবাহ কৰা অন্য পদসমূহ হ’ল

চেয়াৰমেন, এপেলেট বডী অব চেন্ট্ৰেল ব'ৰ্ড
অব ফিল্ম চেঞ্চৰচ, ভাৰত চৰকাৰ, ১৯৯০ ৰ
পৰা আৰম্ভ কৰি ৯ বছৰ।
মেম্বাৰ, স্ক্ৰীপ্ট কমিটি অব নেশ্যনেল
ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ইষ্টাৰ্ণ
ইণ্ডিয়া ।
ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দা ব'ৰ্ড
অব ডাইৰেক্টৰচ অব নেশ্যনেল ফিল্ম
ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ভাৰত চৰকাৰ।
এক্জিকিউটিভ কাউন্সীল মেম্বাৰ,
চিল্ড্ৰেন্স
ফিল্ম চ'চাইটী।
মেম্বাৰ, ব'ৰ্ড অব ট্ৰাষ্টীজ, পুৱৰ
আৰ্টিষ্টছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ।
চেয়াৰমেন, জুৰী অব দা নেশ্যনেল ফিল্ম
এৱাৰ্ডচ, ১৯৮৫।
জুৰী মেম্বাৰ, জুৰী অব দা নেশ্যনেল ফিল্ম
এৱাৰ্ডচ, ১৯৫৮-ৰ পৰা ১৯৯০
লৈকে কেইবাবাৰো।
মেম্বাৰ, পি চি জোশী কমিটী। এই
কমিটি ভাৰত চৰকাৰৰ তথ্য
মন্ত্ৰালয়ে টেলিভিশ্যন কাৰ্য্যক্ৰমৰ সহায়ত
একবিংশ শতিকাত ভাৰতত চফ্টৱেৰ
প্ৰগ্ৰেমিংত
প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান
কৰিবলৈ নিয়োগ কৰিছিল।
মেম্বাৰ, ফিল্ম এণ্ড টেলিভিশ্যন
ইন্সটিটিউটৰ পলীচি মেকিং বডী, ভাৰত
চৰকাৰ।
ব্যক্তিগত জীৱন
১৯৫০ চনত নিউয়ৰ্কত ড°
হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ
ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ
পাশত
আবদ্ধ হয় । ১৯৫২ চনত তেওঁলোকৰ
একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম
হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়।
ড° হাজৰিকাৰ মৃত্যুৰ সময়ত
প্ৰিয়ম্বদা পেটেল অ'টাৱাত আছিল।
পৰৱৰ্তীকালত ড° হাজৰিকাৰ "ৰ’দালি",
"দমন", "এক পল" আদি খ্যাত চলচিত্ৰ
পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ
সম্পৰ্ক
গঢ়ি উঠে । জীৱনৰ শেষ কালচোৱাত
তেখেত ঘনিষ্ঠ বান্ধৱী, চলচিত্ৰ
পৰিচালিকা
কল্পনা লাজমীৰ তত্বাবধানত মুম্বাইত
আছিল।
*মৃত্যু
কিডনীৰ সমস্যা আৰু আনুসংগিক জটিলতাত
ভুগি থকা ড° হাজৰিকাই ৫ নৱেম্বৰ ২০১১
চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই
আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।

Friday, January 3, 2014

* হাঁহিবলৈ পাহৰিছো নেকি *

হয় ।আমি অধিকাংশ লোকেই হাঁহিবলৈ পাহৰিছোঁ ।হাঁহিবলৈ মন যায় ।তথাপি হাঁহিটো নোলায় ।কেতিয়াবা অগত্যা দুই ওঁঠৰ ফাঁকেৰে এটা তথাকথিত হাঁহি ওলাই যদিও একেবাৰে ক্ষণস্থায়ী ।হাঁহি সুস্বাস্থ্যৰ বাবে মহৌষদ বুলি কোৱা হয় যদিও হাঁহি মহঙা হোৱাৰ কেইটামান কাৰণ বিচাৰি পোৱা গৈছে ।অৱশ্যে বহু কাৰণ ইয়াত বাদ পৰিছে ।আপুনি এই ক্ষেত্ৰত একমত হয় নেকি চাওকচোন ।নহ'লে অমুকাক গালি পাৰি এছ.এম.এছ কৰিব । আপোনাৰ ঘৰৰ কাষতে ডি,আৰ,ডি,এৰ কনিষ্ঠ অভিযন্ত্ৰা বেজবৰুৱাই পুৰণি মাৰুতি কাৰখন বিক্ৰী কৰি চেন্ট জিংক এখন লোৱাৰ পিচত আগপিচ নুগুণি আপুনিও মাৰুতি প্ৰাইভেট ফাইনেন্স কোম্পানীৰ পৰা এখন মাৰুতি কাৰ ল'লে ।আপুনি চৰকাৰী চাকৰিয়াল যদিও সীমিত উপার্জন ।গতিকে কাৰখন অনাৰ পিচ দিনাৰে পৰা আপোনাৰ হাঁহি ক্ৰমাত্‍ কমি আহিল ।মাহেকত ঋণৰ কিস্তি ,গাড়ীলৈ পৰিয়াল স্বজনৰ ঘৰত ফুৰিবলৈ যাওঁতে মিঠাইৰ টোপোলা নিয়া ,অফিচত খানা ।প্ৰতিমাহতে নিমিলে হিচাপ ।হাঁহিয়ে আপোনাক প্ৰতাৰণা কৰিব । . . . . . . . . . . . . . . . . . . . . . . . . আপোনাৰ কন্যা পৰিবাৰে আপোনাক সৈমান কৰিলে ম'বাইল ফোন এটা আজিকালি কেৱল চখৰ বস্তু নহয় ,ই একেবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত এবিধ ।যুক্তিটো আপুনি খণ্ডন কৰিবলৈ চেষ্টা নকৰি হায়াৰ চেকেণ্ডাৰী ফার্ষ্ট ইয়েৰত পঢ়ি থকা আপোনাৰ কন্যাল বাবে ম'বাইল ফোন কিনাৰ পিছৰ পৰা আপোনাৰ হাঁহি কমি আহিল ।কন্যাৰ এৰাব নোৱাৰা সংগী হৈ পৰা ম'বাইলটোৰ নিশা বাৰ বজাটো ৰিং হয় ,আপুনি ম'বাইলৰ ৰিংটোহে শুনিব তাই কি কথা পাতে নুশুনে ।বাথৰুমলৈ যাওতে তাই ম'বাইলটো চাইলেন্ট কৰি যাব ।দেখিব ম'বাইলটোৱে আপোনাৰ হাঁহি আপোনাৰ অলক্ষিতে কাঢ়ি নিছে । . . . . . . . . . . . . . . . . . . . . . . . . এখন কাণত দুপাত ফুলি পিন্ধা আপোনাৰ ১৬ বছৰীয়া পুত্ৰই কিছুদিনৰ পৰা এখন পালচাৰ বাইক কিনি নিদিয়াৰ বাবে চলাই অহা প্ৰতিবাদী কার্যসূচীৰ অন্তত আপুনি এল.আই.চিৰ পলিচি চাৰেণ্ডাৰ কৰি বাইকখন কিনি দিয়াৰ পিচৰে পৰা আপোনাৰ হাঁহিত ব্যাঘাট জন্মিছে ।মূৰত হেলমেট অভিহনেই দূৰন্ত গতি ।নিশা ঢাকোনৰ ভাত খায় । . . . . . . . . . . . . . . . . . . . . . . . . চাকৰি এটা লৈ দিব নোৱাৰাৰ বাবে আপোনাৰ ওপৰত অসন্তুষ্ট পত্নীক আপুনিয়েই পৰামর্শ দিছিল ।ঘৰত সোমাই থকাতকৈ আত্মসহায়ক গোট ,নাইবা মহিলা সমিতি এখনৰ লগত ব্যস্ত হ'ব লাগে ।লাহে লাহে নাৰীমুক্তি সংগ্ৰাম সমিতিখন খুলি সম্পাদিকা পদ লোৱাৰ পিচৰ পৰা দেখিব আপোনাৰ হাঁহি কমিবলৈ লৈছে । -ইন্দুস্পন্দন নাথ

Monday, October 21, 2013

সপোন



সপোন !!! নহয় ,নহয় ৰাতি টোপনিত দেখা নহয় ,ভৱিষ্যতক লৈ দেখা সপোনৰ কথাহে কৈছো ........ভৱিষ্যতকলৈ সপোন দেখিব লাগে .......সপোনৰ আশাই আমাৰ জীৱনী শক্তি বঢ়াই তোলে ।অদম্য আশা পূৰণ কৰিবলৈ অফুৰন্ত কর্মশক্তি পোৱা যায় ।অৱেশ্যে ভৱিষ্যতক লৈ দুশ্চিন্তাটো পৰিব নালাগে ।নিজকে এজন শক্তিশালী আৰু সার্থক ব্যক্তি বুলি ভাবিব লাগে ।প্ৰতিটো খোজতে কৌতুহলী হ'ব লাগে ।নিজৰ প্ৰতিও কৌতুহলী হোৱা উচিত ।তেতিয়াহে জীৱনৰ প্ৰকৃত ৰং দেখা পোৱা যায়—

বিৰহৰ এটোপাল চকুপানী মিলনৰ হেজাৰ আনন্দতকৈ অধিক মূল্যবান..........

 

প্ৰেম-হৃদয়ৰ স্বতঃস্ফূর্ত অনুভৱৰ অনুৰণন ,যত নিৰৱচ্ছিন্নভাৱে জিলিকি উঠে বিৰহ আৰু মিলনৰ তৃষা ।সেইবাবেই বিৰহ আৰু মিলনক প্ৰেমৰ প্ৰতীকাত্মক ৰূপ বুলিও বিবেচনা কৰা হয় ।দুখন হৃদয়ৰ আত্মিক অনুকম্পনৰ মাদকতা ধ্বনিত হৈ উঠে দুয়োজনৰ মাজৰ কেতবোৰ আচাৰ-আচৰণ ,বাক্-কার্পণ্য অথবা কেতবোৰ অস্বাভাৱিক কার্য সাধনৰ অবিনাশী স্বচ্ছলতাৰ মাজত ।মানুহৰ তৃপ্ত বাসনাও লুকাই থাকে নোপোৱাৰ অতৃপ্ত বাসনাৰ মাজতেই ।তেনেকৈয়ে প্ৰণয়ৰ অধ্যয়নো বিৰহ-মিলনৰ অতৃপ্ত বাসনাৰেই জিলিকি ৰয় প্ৰতিদিন-প্ৰতিপল । প্ৰেমৰ তীব্ৰতা-ক্লিৱতা অনুভৱ কৰাজনেহে প্ৰেমক স্বকীয় মর্যদা প্ৰদান কৰে ।দুজন প্ৰেমিক-প্ৰেমিকাৰ মাজত যি সময়ৰ পুলকভৰা মধুৰতাৰে সময় অতিবাহিত হয় ,সেই সময়ত অনুভৱ কৰা নহয় প্ৰেমৰ সঠিক পৰিমাপ ,কিন্তু যেতিয়া প্ৰিয়জনৰ অনুপস্থিতিত হৃদয়ৰ থৌকি-বাথৌ বিননিৰ মাজত নিজকে বিলীন কৰি দিব লগা হয় ,তেনে সময়তহে মিলনৰ প্ৰতিপল সময়ৰ গুঞ্জন স্বীকাৰ কৰা হয় ।যদিহে প্ৰিয়জনক নোপাৱাৰ বেদনা অনুভৱ কৰা নহয় ,তেন্তে প্ৰিয়জনক পোৱাৰ আনন্দও হৈ পৰিব সীমাৰ মাজতেই সীমাবদ্ধ ।সেয়েহে বিৰহ নহ'লে মিলনৰ গুৰত্ব বুজা টান ।প্ৰিয়জনক নোপোৱাৰ বেদনা যিমানে বাঢ়ি যায় ,সিমানেই প্ৰকৃত প্ৰেমৰ তীব্ৰতা-ক্লীৱতাও বাঢ়ি যায় ।বহুদিন প্ৰেয়সীগৰাকীক দেখা নোপোৱাৰ তীব্ৰ যন্ত্ৰণা বুকুত লৈ ,প্ৰতি পল সময় নিজকে সপোন পুৰিত বিচৰণ কৰোৱায় ,যেতিয়া গভীৰ প্ৰতীক্ষাৰ অন্তত প্ৰেয়সীগৰাকীৰ মুখৰ মৃদু মন্দ হাঁহি ,অথবা নয়নৰ এপলক কটাক্ষ চাৱনি প্ৰেমাস্পদে প্ৰত্যক্ষ কৰে ,অনায়াসে মনলৈ বৈ আহে এসাগৰ আনন্দৰ ঢৌ- আত্মতৃপ্তিৰ । সেয়েহে মিলনৰ আনন্দৰ মাদকাতাও লুকাই থাকে বিৰহৰ চকুলোৰ মাজতেই ।নোপোৱাৰ বেদনাৰ মাজতেই পোৱাৰ আনন্দ থাকে ।হৃদয়ৰ সঁচা মৰম পোৱাজনেহে অনুভৱ কৰি লয় প্ৰিয়জনক নোপোৱাৰ তীব্ৰ মাদকতা ।তাৰবাবেই কোৱা হয় বিৰহৰ এটোপাল চকুলো মিলনৰ হেজাৰ আনন্দতকৈও অধিক মূল্যৱান ।

জীৱন এক সংগ্ৰাম

জীৱন কি ? জীৱনৰ অর্থ কি ? জীৱন এক সংগ্ৰাম ।এক গতানুগতিক ব্যস্ততা ।কোনোবাই ত্যাগ কৰে , কোনোবাই গ্ৰহণ কৰে , কোনোবাই হৃদয়ৰ পাত লুটিয়াই লিখে সোণালী ইতিহাস ।এয়াইটো জীৱন ।জীৱনৰ সম্পর্কে বিভিন্নজনৰ ভিন্ন মত ।জীৱন এখন নদী ।কেতিয়াবা বহল ,কেতিয়াবা গভীৰ ,কেতিয়াবা ৰুক্ষ আৰু কেতিয়াবা কোমল ।অজান ইয়াৰ চৰিত্ৰ ।কিন্তু নদীৰ দৰে জীৱনে নিজে নিজৰ বাট উলিয়াই গৈ থাকে ,তাত কাৰো হাত নাথাকে ।আপেক্ষিকভাৱে কেৱল সুখ আৰু দুখৰ আঁচ থাকি যায় জীৱনত ।প্ৰকৃত অর্থত জীৱন এক সংগ্ৰাম ।সত্‍পথত চলা জনে জীৱনৰ প্ৰকৃত সত্য দেখা পায় আৰু তেওঁৰ জীৱনৰ কাঁইটীয়া বাত অতিক্ৰম কৰি মাণিক বিচাৰি পাবলৈ সক্ষম হয় । সকলো মানুহেই খাই বৈ জীয়াই থাকে ।কিন্তু খাই বৈ জীয়াই থকাটোৱেই জীৱন হ'ব নোৱাৰে ।বর্তমান যুগত মানুহ সকলো বস্তুৰে অধিকাৰী হ'ব লাগিব ।নোপোৱাটো পাবলৈ ,নজনাটো জানিবলৈ মানুহে অসাধ্য সাধন কৰিব লাগিব ।অৱশ্যে মানৱীয় গুণেৰেহে মানুহে এই কাম কৰিব লাগিব ।ধন ,সোণ এই ক্ষেত্ৰত সম্পূর্ণ ব্যতিক্ৰম ।কেৱল ধন সোণেই মানুহৰ সকলো হ'ব নোৱাৰে ।মানুহৰ মাজত মানৱ সমাজত সকলোৰে মাজত মিলা প্ৰীতিৰ এনাজৰীডাল নাথাকিলে মানৱীয় গুণসমূহৰ অৱক্ষয় ঘটিলে কেৱল ধন সোণেই মানহক এক সুখী জীৱন দিব নোৱাৰে । নিজৰ জীৱনক ভাল পাবলৈ হ'লে প্ৰথমে ভাল পাব লাগিব মানুহক ।প্ৰত্যেকজন মানুহৰে সার্বজনীন আৱেগ-অনুভূতি ,সুখ-দুখবোৰ সহৃদয়তাৰে উপলব্ধি কৰিব লাগিব ।তেতিয়াহে জীৱনৰ প্ৰকৃত সত্য কি তাক বুজি পায় আৰু এখন সভ্য সমাজ তথা দেশ গঢ়ি তাক প্ৰগতিৰ পথত আগুৱাই নিব পাৰিব ।মুঠতে জীৱন এনে এক প্ৰক্ৰিয়া যাৰ অর্থ কৈ শেষ কৰিব নোৱাৰি ।যাক বহু সময়ত আনকি মৃত্যুৰ সময়ৰ লৈকেও জানি বুজি শেষ কৰিব নোৱাৰি ।জীৱন এক ৰহস্যময় , চলনাময় প্ৰাণস্পন্দন ,জীৱন এক অন্তর্হীন জিজ্ঞাসা ।জীৱনটো হ'ল অসাৰ ।প্ৰয়োজনো নাই ,তথাপি আছোঁ জীয়াই ...........। ¤ ||ইন্দুস্পন্দন||

প্ৰার্থনাই যোগাই শক্তি আৰু আত্মবিশ্বাস

প্ৰার্থনা এক শক্তি ।পৰম পিতাক একাগ্ৰ চিত্তে প্ৰার্থনা কৰাজনে কেতিয়াও বিপদ-আপদ আৰু দুখ দুর্দশাৰ প্ৰতি ভয় কৰিব লগীয়া নহয় ।যি মানুহে নিতৌ কিছু সময়ৰ বাবে হ'লেও পৰমপিতাৰ ওচৰত মূৰ দোঁৱাই প্ৰার্থনা কৰে তেওঁৰ শৰীৰত এক শক্তিৰ সঞ্চাৰ হয় ।ফলত কোনো কথাতেই তেওঁ বিচলিত নহয় ।ঈশ্বৰৰ ৰূপ অনেক ,সেয়ে হিন্দুসকলে মন্দিৰলৈ গৈ ,মুছলমানসকলে মছজিদত আৰু খ্ৰীষ্টানসকলে গীর্জাঘৰত মহাশক্তিমান পৰমপিতাৰ প্ৰার্থনা কৰে ।শুদ্ধচিত্তেৰ কৰা প্ৰার্থনাই মনত বিৰল আনন্দ দিয়ে ।ফলত মানুহৰ মনত ঠাই লোৱা বেয়া চিন্তাবোৰ আঁতৰি সত্‍ চিন্তাই ঠাই লয় ।যিহেতু চিন্তা আৰু কর্মৰ মাজত ভাই-ভনীৰ সম্পর্ক ,সেয়ে নিতৌ একাগ্ৰভাৱে প্ৰার্থনা কৰাজনৰ কামবোৰ সত্‍ আৰু সু পৰিচালিত হয় । আধুনিক বিজ্ঞানেও প্ৰার্থনাৰ শক্তিক মানি লৈছে । শাৰীৰিক তথা মানসিক ৰোগ কেৱল প্ৰার্থনাৰ দ্বাৰাই সুস্থ হৈ উঠাৰ বহুতো উদাহৰণ পোৱা যায় ।মহাত্মা গান্ধী ,মাদাৰ টেৰেছা আদিৰ দৰে বিখ্যাত মনিষীসকলেও প্ৰার্থনাৰ শক্তিক বিশ্বাস কৰিছিল আৰু সেয়ে দিনটোৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই একান্তমনে পৰমপিতাক স্মৰণ কৰিছিল ।প্ৰার্থনাৰ বৈজ্ঞানিক যুক্তিৰে বিচাৰ কৰিব পৰা কেতবোৰ গুণ আছে ।প্ৰার্থনাৰ প্ৰথম গুণটো হ'ল-ই মানুহক নিয়মানুৱার্তিতা শিকায় ।সদায় এটা নির্দিষ্ট সময় বান্ধি লৈ প্ৰার্থনা কৰা মানুহে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ শিকে ।দ্বিতীয়তে -প্ৰার্থনাই মানুহৰ শৰীৰ আৰু মনৰ মাজত এক সুষম সামঞ্জস্য ঘটায় ।ফলত মানুহে এজনে যিকোনো কামতেই ভাবি চিন্তি সুস্থিৰভাবে কৰিব পাৰে ।তৃতীয়তে বিপদত পৰি উৱাদিহ নোপোৱাজনে প্ৰার্থনাৰ জৰিয়তে সকলো বিপদৰ ফলাফল পৰম পিতাক নির্ণয় কৰিবলৈ এৰি দিব পাৰে । এনে কৰিলে বিপদত পৰাজনে বহুখিনি বোজাৰ পৰা মুক্তি পায় আৰু সকলো বিপদ হেলাৰঙে মুৰ পাতি লব পাৰে ।এনে ধৰণৰ বহুশক্তিৰ উত্‍স হ'ল প্ৰার্থনা ।আমি ২৪ ঘন্টাৰ ভিতৰত যদি ১৫ মিনিট সময়ো পৰম পিতাৰ প্ৰার্থনাৰ বাবে খৰচ কৰো তেন্তে দৈনন্দিন জীৱনলৈ কিমান যে পৰিৱর্তন আহিব সেয়া প্ৰার্থনা কৰিবলৈ অভ্যাস কৰা জনে নিজে নিজেই বুজি পাব ।ঈশ্বৰ যিহেতু সর্বত্ৰ বিৰাজমান সেয়ে মন্দিৰ, মছজিদ ,গীর্জাতেই হওঁক বা বিদ্যালয় ,অফিচ বাছ নিজৰ কোঠালিত নাইবা কৰবালৈ ফুৰিবলৈ গৈ থাকিলও মনে মনে পৰমপিতাক সুখ আৰু শান্তিৰ বাবে প্ৰার্থনা জনাব পাৰি ।একাগ্ৰমনে আৰু শুদ্ধচিত্তেৰে কৰা প্ৰার্থনা পৰমপিতাই শুনিবই ।

Wednesday, August 21, 2013

*নাম নাইকীয়া অকবিতা*

তোমাৰ ওঁঠেৰে সৰা
এটি হাঁহিত দেখোঁ
হেজাৰ যুগৰ সপোন
অঁকা,
পিছে তোমাৰ নয়ণ ভৰা
এটুপি লোতকে কিয়
দিয়ে মোক দুখৰ বতৰা

ফাগুণৰ সুহুৰিতো
কিমান পাপৰি সৰে
তুমি জানো তাক নুবুজা !
ফুলৰ পাহিত পৰা
মৌ চুহিঁ মিঠা কৰা
পখিলাৰ দুটি ওঁঠ দেখিলা,
শুকান গছৰ গাত
বৰষাই ঢালি দিয়া
দুটি সেউজ পাত দেখিলা
জোনাকৰ ৰঙ ভৰা
এটি জোনাকিৰ সতে
তুমি বাৰু কিয় বাট
নুবোলা?

Sunday, August 18, 2013

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অপৰিসীম ।ৰাভা আছিল একেৰাহে বিপ্লৱী, কবি-গীতিকাৰ ,সুৰকাৰ ,অভিনেতা ,ৰাজনীতিবিদ ,সমাজসেৱী তথা সকলোৰে উর্দ্ধত এগৰাকী প্ৰকৃত শিল্পী ।অসমৰ চুকে কোণে ,বিভিন্ন সমাজ ,ব্যক্তিৰ মাজত একাত্মবোধৰ চেষ্টা তথা ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰোঁতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বর্তমান বাংলাদেশৰ অন্তর্গত ঢাকাত ।ৰাভাৰ দেউতাক গোপাল চন্দ্ৰ ৰাভা তেতিয়া ঢাকাত সেনাবাহিনীৰ বিষয়া হিচাপে কর্মৰত আছিল ।সৰুৰে পৰা ঘৰত বিভিন্ন খেলৰ লগতে অভিনয় ,গীত ,বাদ্য আদিৰ মাজেৰে ডাঙৰ হোৱা ৰাভাই শিশুকালৰে পৰাই প্ৰতিটো ক্ষেত্ৰতেই তেওঁৰ পাৰদর্শিতা দেখুৱাইছিল । সৈনিক স্কুলত শিক্ষা আৰম্ভ কৰি তেজপুৰৰ পৰা ১৯২৬ চনত দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ কুইন পদক সহ প্ৰথম বিভাগত আই ,এ ,পাছ কৰি কলিকতাৰ ৰিপণ কলেজত বি ,এছ ,চি ত নাম ভর্তি কৰে যদিও দ্বিতীয় বার্ষিকলৈ প্ৰমোচন পোৱাৰ পিছতে স্বাধিনতা আন্দোলনত নামি পৰে আৰু ইমানতে আনুষ্ঠানিক শিক্ষাৰ য'তি পৰে । স্বাধীনতা আন্দোলনৰ বা ৰাভাৰ গাত ভালদৰেই লাগিছিল ।কলেজৰ ইউনিয়ন জেকৰ ঠাইত অকলেই ত্ৰিৰংগা উৰুৱাই থৈ অহা ৰাভা বৃটিছৰ বাব এক আতংক স্বৰূপ হৈ পৰিছিল ।এই সময়চোৱাত তেওঁ প্ৰায়ে ইঠাইৰ পৰা সিঠাইলৈ পলাই ফুৰিব লগা হৈছিল ।তাৰ মাজতে তেওঁ বৰপেটাৰ ভিনিহিয়েক ডাঃ ধাবাৰাম মেচৰ আশ্ৰয় গ্ৰহণ কৰে ।ইয়াতেই তেওঁ সংস্কৃতিৰ নৱ -আলোকেৰে আলোকিত হৈ উঠে । সাংস্কৃতিক জগতখনত সোমাই পিছত ১৯৩৫ চনত কলিকতাত প্ৰিয়লতা দত্তৰ লগত বিবাহ হয় যদিও মাত্ৰ ডেৰমাহ পিছতে পত্নী বিয়োগ হয় ।তাৰ পিছত তেওঁ অসমৰ সাংস্কৃতিক জগতৰ মধ্যমণি তেজপুৰ পায়গৈ ।তাতে তেওঁৰ আনুষ্ঠানিকভাবে সাংস্কৃতিক জীৱন আৰম্ভ হয় ।

Tuesday, August 6, 2013

*মোৰ অনুভৱ*

. . . .কল্পনাৰ পাখিৰ তলত কবিৰ ঘৰ । জিৰণিৰ অৱকাশ নাই কবিৰ । তেওঁৰ বুকুৰ মাজত অনুভৱৰ অহৰহ গুণগুণনি ।কবি শিল্পী , শৈল্পিক প্ৰতিভাৰে তেওঁ নির্মান কৰে কবিতা এটাৰ জঁকা । তেওঁৰ সুনিপুন হাতৰ বুলনিত প্ৰস্ফুটিত হৈ আহে অনুভৱৰ ছবি ,তাৰ ৰং ,আৰু অবয়ব । . . . . .কবিতা ভালপাওঁ । কিন্তু কবি হোৱাৰ দুঃসাহ প্ৰকাশ কৰাৰ সাহস মোৰ নাই আৰু , মোৰ অক্ষমতাও এইখিনিতে . . . . .