
প্ৰার্থনা এক শক্তি ।পৰম পিতাক একাগ্ৰ চিত্তে প্ৰার্থনা কৰাজনে কেতিয়াও বিপদ-আপদ আৰু দুখ দুর্দশাৰ প্ৰতি ভয় কৰিব লগীয়া নহয় ।যি মানুহে নিতৌ কিছু সময়ৰ বাবে হ'লেও পৰমপিতাৰ ওচৰত মূৰ দোঁৱাই প্ৰার্থনা কৰে তেওঁৰ শৰীৰত এক শক্তিৰ সঞ্চাৰ হয় ।ফলত কোনো কথাতেই তেওঁ বিচলিত নহয় ।ঈশ্বৰৰ ৰূপ অনেক ,সেয়ে হিন্দুসকলে মন্দিৰলৈ গৈ ,মুছলমানসকলে মছজিদত আৰু খ্ৰীষ্টানসকলে গীর্জাঘৰত মহাশক্তিমান পৰমপিতাৰ প্ৰার্থনা কৰে ।শুদ্ধচিত্তেৰ কৰা প্ৰার্থনাই মনত বিৰল আনন্দ দিয়ে ।ফলত মানুহৰ মনত ঠাই লোৱা বেয়া চিন্তাবোৰ আঁতৰি সত্ চিন্তাই ঠাই লয় ।যিহেতু চিন্তা আৰু কর্মৰ মাজত ভাই-ভনীৰ সম্পর্ক ,সেয়ে নিতৌ একাগ্ৰভাৱে প্ৰার্থনা কৰাজনৰ কামবোৰ সত্ আৰু সু পৰিচালিত হয় ।
আধুনিক বিজ্ঞানেও প্ৰার্থনাৰ শক্তিক মানি লৈছে । শাৰীৰিক তথা মানসিক ৰোগ কেৱল প্ৰার্থনাৰ দ্বাৰাই সুস্থ হৈ উঠাৰ বহুতো উদাহৰণ পোৱা যায় ।মহাত্মা গান্ধী ,মাদাৰ টেৰেছা আদিৰ দৰে বিখ্যাত মনিষীসকলেও প্ৰার্থনাৰ শক্তিক বিশ্বাস কৰিছিল আৰু সেয়ে দিনটোৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই একান্তমনে পৰমপিতাক স্মৰণ কৰিছিল ।প্ৰার্থনাৰ বৈজ্ঞানিক যুক্তিৰে বিচাৰ কৰিব পৰা কেতবোৰ গুণ আছে ।প্ৰার্থনাৰ প্ৰথম গুণটো হ'ল-ই মানুহক নিয়মানুৱার্তিতা শিকায় ।সদায় এটা নির্দিষ্ট সময় বান্ধি লৈ প্ৰার্থনা কৰা মানুহে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ শিকে ।দ্বিতীয়তে -প্ৰার্থনাই মানুহৰ শৰীৰ আৰু মনৰ মাজত এক সুষম সামঞ্জস্য ঘটায় ।ফলত মানুহে এজনে যিকোনো কামতেই ভাবি চিন্তি সুস্থিৰভাবে কৰিব পাৰে ।তৃতীয়তে বিপদত পৰি উৱাদিহ নোপোৱাজনে প্ৰার্থনাৰ জৰিয়তে সকলো বিপদৰ ফলাফল পৰম পিতাক নির্ণয় কৰিবলৈ এৰি দিব পাৰে । এনে কৰিলে বিপদত পৰাজনে বহুখিনি বোজাৰ পৰা মুক্তি পায় আৰু সকলো বিপদ হেলাৰঙে মুৰ পাতি লব পাৰে ।এনে ধৰণৰ বহুশক্তিৰ উত্স হ'ল প্ৰার্থনা ।আমি ২৪ ঘন্টাৰ ভিতৰত যদি ১৫ মিনিট সময়ো পৰম পিতাৰ প্ৰার্থনাৰ বাবে খৰচ কৰো তেন্তে দৈনন্দিন জীৱনলৈ কিমান যে পৰিৱর্তন আহিব সেয়া প্ৰার্থনা কৰিবলৈ অভ্যাস কৰা জনে নিজে নিজেই বুজি পাব ।ঈশ্বৰ যিহেতু সর্বত্ৰ বিৰাজমান সেয়ে মন্দিৰ, মছজিদ ,গীর্জাতেই হওঁক বা বিদ্যালয় ,অফিচ বাছ নিজৰ কোঠালিত নাইবা কৰবালৈ ফুৰিবলৈ গৈ থাকিলও মনে মনে পৰমপিতাক সুখ আৰু শান্তিৰ বাবে প্ৰার্থনা জনাব পাৰি ।একাগ্ৰমনে আৰু শুদ্ধচিত্তেৰে কৰা প্ৰার্থনা পৰমপিতাই শুনিবই ।
No comments:
Post a Comment