আপোনাক শ্ৰদ্ধাৰে আদৰিছোঁ





























বতাহ এজাক বলিছে ,বালিৰ কণিকাবোৰ উৰিছে ,ৰাউচিজুৰি কহুঁৱা ফুলবোৰে আমাৰ মূৰৰ ওপৰেদি আকাশলৈ উৰা মাৰিছে ।চকুৰ চাৱনিৰে শেষ কৰিব নোৱাৰা অনন্ত ফুল -শুভ্ৰ ,কেৱল শুভ্ৰ-বগা ,অনন্ত বগা ।ফুলবোৰে লাহে লাহে গা-লৰাই নাচিছে ।আমাক হাতবাউলি ফুলবোৰে ঘনাই মাতিছে. . . .পূৱা -পশ্চিমাকৈ ফুলবোৰে ঠেলা -হেঁচা কৰিছে . . . . আমাক মাতিছে ,আমি দৌৰিছো ........আমি ইজনে সিজনক চিনি নোপোৱা হৈছোঁ ,--বালিৰ কণিকাই আমাৰ চেহেৰাবোৰ পুতি পেলাইছে ।আমি দৌৰিগৈ কহুঁৱানিৰ কাষ পাইছোঁ । কঁহুৱানিডৰা আমি অবাক দৃষ্টিৰে চাইছোঁ ,কহুঁৱা ফুলবোৰেও আমাক অবাক দৃষ্টিৰে চাইচে ।আমি আটাইকেওজনে একেলগে মূৰ দুপিয়ালোঁ.......ফুলবোৰেও মূৰ দুপিয়ালে ।আমি একেতা তালতে কিৰলি মাৰি খৰকৈ নাচিবলৈ ললোঁ ,ফুলবোৰেও আমাৰ তালে তালে নাচি উঠিল ।আমি নাচি নাচি কহুঁৱানিৰ মাজলৈ সোমাই গলোঁ । --ইন্দুস্পন্দন

Friday, January 3, 2014

* হাঁহিবলৈ পাহৰিছো নেকি *

হয় ।আমি অধিকাংশ লোকেই হাঁহিবলৈ পাহৰিছোঁ ।হাঁহিবলৈ মন যায় ।তথাপি হাঁহিটো নোলায় ।কেতিয়াবা অগত্যা দুই ওঁঠৰ ফাঁকেৰে এটা তথাকথিত হাঁহি ওলাই যদিও একেবাৰে ক্ষণস্থায়ী ।হাঁহি সুস্বাস্থ্যৰ বাবে মহৌষদ বুলি কোৱা হয় যদিও হাঁহি মহঙা হোৱাৰ কেইটামান কাৰণ বিচাৰি পোৱা গৈছে ।অৱশ্যে বহু কাৰণ ইয়াত বাদ পৰিছে ।আপুনি এই ক্ষেত্ৰত একমত হয় নেকি চাওকচোন ।নহ'লে অমুকাক গালি পাৰি এছ.এম.এছ কৰিব । আপোনাৰ ঘৰৰ কাষতে ডি,আৰ,ডি,এৰ কনিষ্ঠ অভিযন্ত্ৰা বেজবৰুৱাই পুৰণি মাৰুতি কাৰখন বিক্ৰী কৰি চেন্ট জিংক এখন লোৱাৰ পিচত আগপিচ নুগুণি আপুনিও মাৰুতি প্ৰাইভেট ফাইনেন্স কোম্পানীৰ পৰা এখন মাৰুতি কাৰ ল'লে ।আপুনি চৰকাৰী চাকৰিয়াল যদিও সীমিত উপার্জন ।গতিকে কাৰখন অনাৰ পিচ দিনাৰে পৰা আপোনাৰ হাঁহি ক্ৰমাত্‍ কমি আহিল ।মাহেকত ঋণৰ কিস্তি ,গাড়ীলৈ পৰিয়াল স্বজনৰ ঘৰত ফুৰিবলৈ যাওঁতে মিঠাইৰ টোপোলা নিয়া ,অফিচত খানা ।প্ৰতিমাহতে নিমিলে হিচাপ ।হাঁহিয়ে আপোনাক প্ৰতাৰণা কৰিব । . . . . . . . . . . . . . . . . . . . . . . . . আপোনাৰ কন্যা পৰিবাৰে আপোনাক সৈমান কৰিলে ম'বাইল ফোন এটা আজিকালি কেৱল চখৰ বস্তু নহয় ,ই একেবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত এবিধ ।যুক্তিটো আপুনি খণ্ডন কৰিবলৈ চেষ্টা নকৰি হায়াৰ চেকেণ্ডাৰী ফার্ষ্ট ইয়েৰত পঢ়ি থকা আপোনাৰ কন্যাল বাবে ম'বাইল ফোন কিনাৰ পিছৰ পৰা আপোনাৰ হাঁহি কমি আহিল ।কন্যাৰ এৰাব নোৱাৰা সংগী হৈ পৰা ম'বাইলটোৰ নিশা বাৰ বজাটো ৰিং হয় ,আপুনি ম'বাইলৰ ৰিংটোহে শুনিব তাই কি কথা পাতে নুশুনে ।বাথৰুমলৈ যাওতে তাই ম'বাইলটো চাইলেন্ট কৰি যাব ।দেখিব ম'বাইলটোৱে আপোনাৰ হাঁহি আপোনাৰ অলক্ষিতে কাঢ়ি নিছে । . . . . . . . . . . . . . . . . . . . . . . . . এখন কাণত দুপাত ফুলি পিন্ধা আপোনাৰ ১৬ বছৰীয়া পুত্ৰই কিছুদিনৰ পৰা এখন পালচাৰ বাইক কিনি নিদিয়াৰ বাবে চলাই অহা প্ৰতিবাদী কার্যসূচীৰ অন্তত আপুনি এল.আই.চিৰ পলিচি চাৰেণ্ডাৰ কৰি বাইকখন কিনি দিয়াৰ পিচৰে পৰা আপোনাৰ হাঁহিত ব্যাঘাট জন্মিছে ।মূৰত হেলমেট অভিহনেই দূৰন্ত গতি ।নিশা ঢাকোনৰ ভাত খায় । . . . . . . . . . . . . . . . . . . . . . . . . চাকৰি এটা লৈ দিব নোৱাৰাৰ বাবে আপোনাৰ ওপৰত অসন্তুষ্ট পত্নীক আপুনিয়েই পৰামর্শ দিছিল ।ঘৰত সোমাই থকাতকৈ আত্মসহায়ক গোট ,নাইবা মহিলা সমিতি এখনৰ লগত ব্যস্ত হ'ব লাগে ।লাহে লাহে নাৰীমুক্তি সংগ্ৰাম সমিতিখন খুলি সম্পাদিকা পদ লোৱাৰ পিচৰ পৰা দেখিব আপোনাৰ হাঁহি কমিবলৈ লৈছে । -ইন্দুস্পন্দন নাথ

No comments:

Post a Comment