
অসমৰ সাংস্কৃতিক জগতৰ ভোটাতৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জাতিৰ প্ৰতি আগবঢ়াই যোৱা অৱদান অপৰিসীম ।ৰাভা আছিল একেৰাহে বিপ্লৱী, কবি-গীতিকাৰ ,সুৰকাৰ ,অভিনেতা ,ৰাজনীতিবিদ ,সমাজসেৱী তথা সকলোৰে উর্দ্ধত এগৰাকী প্ৰকৃত শিল্পী ।অসমৰ চুকে কোণে ,বিভিন্ন সমাজ ,ব্যক্তিৰ মাজত একাত্মবোধৰ চেষ্টা তথা ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰোঁতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত বর্তমান বাংলাদেশৰ অন্তর্গত ঢাকাত ।ৰাভাৰ দেউতাক গোপাল চন্দ্ৰ ৰাভা তেতিয়া ঢাকাত সেনাবাহিনীৰ বিষয়া হিচাপে কর্মৰত আছিল ।সৰুৰে পৰা ঘৰত বিভিন্ন খেলৰ লগতে অভিনয় ,গীত ,বাদ্য আদিৰ মাজেৰে ডাঙৰ হোৱা ৰাভাই শিশুকালৰে পৰাই প্ৰতিটো ক্ষেত্ৰতেই তেওঁৰ পাৰদর্শিতা দেখুৱাইছিল ।
সৈনিক স্কুলত শিক্ষা আৰম্ভ কৰি তেজপুৰৰ পৰা ১৯২৬ চনত দৰং জিলাৰ ভিতৰতে প্ৰথম হৈ কুইন পদক সহ প্ৰথম বিভাগত আই ,এ ,পাছ কৰি কলিকতাৰ ৰিপণ কলেজত বি ,এছ ,চি ত নাম ভর্তি কৰে যদিও দ্বিতীয় বার্ষিকলৈ প্ৰমোচন পোৱাৰ পিছতে স্বাধিনতা আন্দোলনত নামি পৰে আৰু ইমানতে আনুষ্ঠানিক শিক্ষাৰ য'তি পৰে ।
স্বাধীনতা আন্দোলনৰ বা ৰাভাৰ গাত ভালদৰেই লাগিছিল ।কলেজৰ ইউনিয়ন জেকৰ ঠাইত অকলেই ত্ৰিৰংগা উৰুৱাই থৈ অহা ৰাভা বৃটিছৰ বাব এক আতংক স্বৰূপ হৈ পৰিছিল ।এই সময়চোৱাত তেওঁ প্ৰায়ে ইঠাইৰ পৰা সিঠাইলৈ পলাই ফুৰিব লগা হৈছিল ।তাৰ মাজতে তেওঁ বৰপেটাৰ ভিনিহিয়েক ডাঃ ধাবাৰাম মেচৰ আশ্ৰয় গ্ৰহণ কৰে ।ইয়াতেই তেওঁ সংস্কৃতিৰ নৱ -আলোকেৰে আলোকিত হৈ উঠে । সাংস্কৃতিক জগতখনত সোমাই পিছত ১৯৩৫ চনত কলিকতাত প্ৰিয়লতা দত্তৰ লগত বিবাহ হয় যদিও মাত্ৰ ডেৰমাহ পিছতে পত্নী বিয়োগ হয় ।তাৰ পিছত তেওঁ অসমৰ সাংস্কৃতিক জগতৰ মধ্যমণি তেজপুৰ পায়গৈ ।তাতে তেওঁৰ আনুষ্ঠানিকভাবে সাংস্কৃতিক জীৱন আৰম্ভ হয় ।
No comments:
Post a Comment