আপোনাক শ্ৰদ্ধাৰে আদৰিছোঁ





























বতাহ এজাক বলিছে ,বালিৰ কণিকাবোৰ উৰিছে ,ৰাউচিজুৰি কহুঁৱা ফুলবোৰে আমাৰ মূৰৰ ওপৰেদি আকাশলৈ উৰা মাৰিছে ।চকুৰ চাৱনিৰে শেষ কৰিব নোৱাৰা অনন্ত ফুল -শুভ্ৰ ,কেৱল শুভ্ৰ-বগা ,অনন্ত বগা ।ফুলবোৰে লাহে লাহে গা-লৰাই নাচিছে ।আমাক হাতবাউলি ফুলবোৰে ঘনাই মাতিছে. . . .পূৱা -পশ্চিমাকৈ ফুলবোৰে ঠেলা -হেঁচা কৰিছে . . . . আমাক মাতিছে ,আমি দৌৰিছো ........আমি ইজনে সিজনক চিনি নোপোৱা হৈছোঁ ,--বালিৰ কণিকাই আমাৰ চেহেৰাবোৰ পুতি পেলাইছে ।আমি দৌৰিগৈ কহুঁৱানিৰ কাষ পাইছোঁ । কঁহুৱানিডৰা আমি অবাক দৃষ্টিৰে চাইছোঁ ,কহুঁৱা ফুলবোৰেও আমাক অবাক দৃষ্টিৰে চাইচে ।আমি আটাইকেওজনে একেলগে মূৰ দুপিয়ালোঁ.......ফুলবোৰেও মূৰ দুপিয়ালে ।আমি একেতা তালতে কিৰলি মাৰি খৰকৈ নাচিবলৈ ললোঁ ,ফুলবোৰেও আমাৰ তালে তালে নাচি উঠিল ।আমি নাচি নাচি কহুঁৱানিৰ মাজলৈ সোমাই গলোঁ । --ইন্দুস্পন্দন

Tuesday, November 4, 2014

ড° ভূপেন হাজৰিকাৰ চমু জীৱন পঞ্জী


*জন্ম আৰু পৰিয়াল
ড° ভূপেন হাজৰিকাৰ জন্ম ১৯২৬ চনৰ ৮
ছেপ্তেম্বৰত, শদিয়াৰ এখন আদি গাঁৱত। তেওঁৰ
পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু
মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা।
নাজিৰাৰ আমোলাপট্টিত নীলকান্ত
হাজৰিকাৰ
আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ
বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল।
তেওঁলোকৰ বাই ভনী সকলো মিলি মুঠ
দহটা সন্তান আছিল। পৰিয়ালৰ
দহোটা সন্তানৰ
জ্যেষ্ঠ আছিল ভূপেন হাজৰিকা।
বাকী কেইগৰাকী হৈছে – অমৰ হাজৰিকা,
প্ৰবীণ
হাজৰিকা, সুদক্ষিণা শৰ্মা, নৃপেন
হাজৰিকা,
বলেন হাজৰিকা, কবিতা বৰুৱা,
স্তুতি পেটেল,
জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা। ভূপেন
হাজৰিকাৰ ভাতৃ-ভগ্নী জয়ন্ত হাজৰিকা, সমৰ
হাজৰিকা, সুদক্ষিণা শৰ্মাও
একোগৰকী আগশাৰীৰ সংগীত শিল্পী। ড°
হাজৰিকাই তেওঁৰ সংগীতপ্ৰাণ
মনটো শৈশৱতে ঘৰখনৰ পৰিবেশৰ পৰা লাভ
কৰিছিল। তেওঁৰ পিতাক শিক্ষক,
ধুবুৰী বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক পিছত
তেজপুৰলৈ মাটিৰ হাকিম হৈ আহে।
§ শিক্ষা
ড° হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত
স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। গুৱাহাটীৰ
ভৰলুমুখৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক
শিক্ষা গ্ৰহণ কৰে। তেজপুৰ চৰকাৰী উচ্চতৰ
মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত
প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন
মহাবিদ্যালয়ৰ পৰা ইন্টাৰমেডিয়েট
(কলা বিভাগ), ১৯৪৪ চনত বেনাৰচ হিন্দু
বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত
ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ
ডিগ্ৰী লাভ
কৰে । Role of Mass
Communication in India’s Adult
Education বিষয়ত অধ্যয়ন কৰি
কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ‘ডক্টৰেট’
উপাধি লাভ কৰে । তেখেতে
চিকাগো বিশ্ববিদ্যালয়ৰ পৰা শৈক্ষিক
প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ
ভূমিকা অধ্যয়নৰ বাবে লিছ্ল ফেল'শ্বিপ লাভ
কৰিছিল ।
* কৰ্মজীৱন
ড° হাজৰিকাই কিছুদিন
বি বৰুৱা মহাবিদ্যালয়
আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত
অধ্যাপনা কৰিছিল । ১৯৪৮ চনত
গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাত,
উক্ত অনুষ্ঠানৰ সৈতে তেওঁ জড়িত হৈছিল।
১৯৬৭ চনৰপৰা ১৯৭২ চনলৈ ভূপেন হাজৰিকা
অসম বিধান সভাৰ সদস্য আছিল।
নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক
নিৰ্বাচিত হৈছিল। বিধায়ক হৈ থকাৰ সময়ত
তেখেতে এটা ফিল্ম ষ্টুডিঅ', এটা আৰ্ট
গেলাৰী আৰু এটা জাতীয় নাট্যশালা গঢ়াৰ
বাবে তেখেতে যুঁজ দিছিল ।
তেখেতে কাৰ্য্যনিবাহ কৰা অন্য পদসমূহ হ’ল

চেয়াৰমেন, এপেলেট বডী অব চেন্ট্ৰেল ব'ৰ্ড
অব ফিল্ম চেঞ্চৰচ, ভাৰত চৰকাৰ, ১৯৯০ ৰ
পৰা আৰম্ভ কৰি ৯ বছৰ।
মেম্বাৰ, স্ক্ৰীপ্ট কমিটি অব নেশ্যনেল
ফিল্ম ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ইষ্টাৰ্ণ
ইণ্ডিয়া ।
ডাইৰেক্টৰ, নেশ্যনেল লেভেল অন দা ব'ৰ্ড
অব ডাইৰেক্টৰচ অব নেশ্যনেল ফিল্ম
ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, ভাৰত চৰকাৰ।
এক্জিকিউটিভ কাউন্সীল মেম্বাৰ,
চিল্ড্ৰেন্স
ফিল্ম চ'চাইটী।
মেম্বাৰ, ব'ৰ্ড অব ট্ৰাষ্টীজ, পুৱৰ
আৰ্টিষ্টছ ৱেলফেয়াৰ ফাণ্ড, ভাৰত চৰকাৰ।
চেয়াৰমেন, জুৰী অব দা নেশ্যনেল ফিল্ম
এৱাৰ্ডচ, ১৯৮৫।
জুৰী মেম্বাৰ, জুৰী অব দা নেশ্যনেল ফিল্ম
এৱাৰ্ডচ, ১৯৫৮-ৰ পৰা ১৯৯০
লৈকে কেইবাবাৰো।
মেম্বাৰ, পি চি জোশী কমিটী। এই
কমিটি ভাৰত চৰকাৰৰ তথ্য
মন্ত্ৰালয়ে টেলিভিশ্যন কাৰ্য্যক্ৰমৰ সহায়ত
একবিংশ শতিকাত ভাৰতত চফ্টৱেৰ
প্ৰগ্ৰেমিংত
প্ৰোৎসাহ দিয়াৰ উদ্দেশ্যে অনুসন্ধান
কৰিবলৈ নিয়োগ কৰিছিল।
মেম্বাৰ, ফিল্ম এণ্ড টেলিভিশ্যন
ইন্সটিটিউটৰ পলীচি মেকিং বডী, ভাৰত
চৰকাৰ।
ব্যক্তিগত জীৱন
১৯৫০ চনত নিউয়ৰ্কত ড°
হাজৰিকা উগাণ্ডাৰ এটা গুজৰাটী পৰিয়ালৰ
ছোৱালী প্ৰিয়ম্বদা পেটেলৰ লগত বিবাহ
পাশত
আবদ্ধ হয় । ১৯৫২ চনত তেওঁলোকৰ
একমাত্ৰ পুত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম
হয়। ১৯৬৩ চনত তেওঁলোকৰ বিচ্ছেদ হয়।
ড° হাজৰিকাৰ মৃত্যুৰ সময়ত
প্ৰিয়ম্বদা পেটেল অ'টাৱাত আছিল।
পৰৱৰ্তীকালত ড° হাজৰিকাৰ "ৰ’দালি",
"দমন", "এক পল" আদি খ্যাত চলচিত্ৰ
পৰিচালিকা কল্পনা লাজমীৰ লগত মধুৰ
সম্পৰ্ক
গঢ়ি উঠে । জীৱনৰ শেষ কালচোৱাত
তেখেত ঘনিষ্ঠ বান্ধৱী, চলচিত্ৰ
পৰিচালিকা
কল্পনা লাজমীৰ তত্বাবধানত মুম্বাইত
আছিল।
*মৃত্যু
কিডনীৰ সমস্যা আৰু আনুসংগিক জটিলতাত
ভুগি থকা ড° হাজৰিকাই ৫ নৱেম্বৰ ২০১১
চন মুম্বাইৰ কোকিলাবেন ধীৰুভাই
আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে।
মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ।

1 comment:

  1. Harrah's Casino and Resort Reno, NV - MapYRO
    Compare reviews, photos 강릉 출장안마 & location with 1491 visitors to 충청남도 출장안마 Harrah's 경주 출장샵 Casino 광명 출장안마 and Resort. "Excellent 문경 출장샵 casino. Any time I feel I'm being unfair is

    ReplyDelete